অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

16 Apr 2019

CTET 2019 আবেদনকাৰী সকলে অসমীয়া বিষয় (ভাষা-১ আৰু ভাষা-২)ৰ বাবে কিদৰে প্ৰস্তুতি চলাব: How to Prepare Assamese (Language 1 & 2) for CTET 2019

How to Prepare Assamese (Language 1 & 2) for CTET 2019

How to Prepare Assamese (Language 1 & 2) for CTET 2019


যিসকল বন্ধু-বান্ধৱীয়ে CTET 2019 (07 July) ৰ বাবে আবেদন কৰিছে আৰু ভাষা-১ বা ভাষা-২ ৰ বাবে অসমীয়া বিষয় বাচনি কৰিছে, তেওঁলোকে কি দৰে প্ৰস্তুতি চলাব সেইবিষয়ে এই পোষ্ট টোত বিতংকৈ আলোচনা কৰা হব।

প্ৰথমতে আহো Syllabus ত কি আছে?

CTET 2019 ৰ Syllabus মতে অসমীয়া বিষয় ( ভাষা-১ বা ভাষা-২) ৰ পৰা 30 নম্বৰৰ প্ৰশ্ন আহিব। ইয়াৰে আকৌ দুটা ভাগ থাকিব-

1. Content Part: 15 নম্বৰ
2. Pedagogy Part: 15 নম্বৰ

কোন ভাগত কি কি আছে?

1. Content Part: 

এই অংশ ই পাঠ্যপুথিৰ দিশটো সামৰি লয়। ইয়াৰ প্ৰশ্নবোৰ অসমীয়া ভাষা অধ্যয়ন আৰু সাহিত্যৰ পৰা আহিব । এতিয়া লৈকে হৈ যোৱা CTET পৰীক্ষাৰ প্ৰশ্ন কাকত সমূহ চালে দেখা যায় যে এই 15 নম্বৰৰ বাবে প্ৰায় বোৰতে দুটা প্ৰশ্ন আহিছে। আৰু এই দুয়োটা প্ৰশ্নতে হয় দুটা গল্পৰ অংশ বা এটা গল্পৰ অংশ আৰু এটা কবিতাৰ অংশ তুলি দি প্ৰশ্ন সোধা হৈছে। আৰু কেতিয়াবা এটা গল্পৰ অংশ বা এটা কবিতাৰ অংশ তুলি দি প্ৰশ্ন কৰিছে আৰু বাকীখিনি অসমীয়া ব্যাকৰণৰ পৰা আহিছে। গতিকে দেখা যায় যে NCERT পাঠ্যক্ৰমৰ কিতাপ আৰু অসমীয়া ব্যাকৰণ (ৰচনা প্ৰবাহ বা ৰচনা বিচিত্ৰা) ভালকৈ পঢ়িলেই এই 15 নম্বৰৰ উত্তৰ কৰিব পাৰি।

2. Pedagogy Part:

Pedagogy অংশ ই অসমীয়া ভাষা শিক্ষণ আৰু শিকণ প্ৰক্ৰিয়াক সামৰি লয়। এই অংশটো বি.এড. বা ডি.এল.এড. ৰ অসমীয়া Method Paper ৰ লগত জড়িত। গতিকে বি.এড. বা ডি.এল.এড. ৰ অসমীয়া Method Paper ৰ কিতাপ পঢ়িলে এই অংশৰ প্ৰশ্নখিনি ভালকৈ উত্তৰ কৰিব পাৰি।

আপোনালোকে যদি এই লেখাটো উপযোগী বুলি ভাবে আৰু কিবা প্ৰশ্ন থাকে তেতিয়া হলে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব।