অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Apr 2020

স্কুল, কলেজ খোলা সম্পর্কত ১৪ এপ্রিলত সিদ্ধান্ত - Decision On Reopening Schools & Colleges On April 14: Union HRD Minister

Decision On Reopening Schools & Colleges On April 14: Union HRD Minister

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত বলৱৎ থকা লকডাউন ১৪ এপ্রিলত অন্ত পৰিব৷ লকডাউন অন্ত পৰিলেও স্কুল, কলেজ খোলা সম্পর্কত ১৪ এপ্রিলত পৰিস্থিতি পর্যালোচনা কৰাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব - এই কথা সদৰি কৰে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রী ৰমেশ পোখৰিয়াল এ৷

দেশত কৰ’না ভাইৰাছৰ সংক্রমণে সৃষ্টি কৰা পৰিস্থিতিৰ বিষয়ে ১৪ এপ্রিলত পর্যালোচনা কৰা হ’ব আৰু তাৰ পাছতহে স্কুল-কলেজ খোলাৰ সম্পর্কত সিদ্ধান্ত লোৱা হ’ব৷

তেওঁ এটা সাক্ষাৎকাৰত  কয় যে ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলৰ নিৰাপত্তাৰ বিষয়টোত তেওঁ অধিক গুৰুত্ব আৰোপ কৰে আৰু ইয়াক সুনিশ্চিত কৰাটোও তেওঁ বিচাৰে৷ মন্ত্রীজনে লগতে এইবুলিও কয় যে যদিহে ১৪ এপ্রিলৰ পাছতো স্কুল-কলেজ বন্ধ থাকে, তেতিয়া যাতে ছাত্র-ছাত্রীৰ পঢ়া-শুনাত কোনো ধৰণৰ ক্ষতি নহয় সেইটোও তেওঁ সুনিশ্চিত কৰিবলৈ বিচাৰে৷

স্কুল-কলেজ খোলাৰ সম্পর্কত তেওঁ কয়, ‘এতিয়াই এই বিষয়ত সিদ্ধান্ত লোৱাটো কঠিন৷ আমি ১৪ এপ্রিলত পৰিস্থিতিৰ পর্যালোচনা কৰিম আৰু পৰিস্থিতি অনুসৰি এই সম্পর্কত কোনো সিদ্ধান্ত লোৱা হ’ব৷’

"The Government will take decision on reopening of schools and colleges on April 14 after reviewing the coronavirus situation in the country"- Union HRD Minister Ramesh Pokhriyal ‘Nishank’ said today on 5th March 2020.