অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

14 Aug 2019

হাইস্কুল আৰু হায়াৰছেকেণ্ডাৰীত 4067 টা পদ: 17 আগষ্টৰ পৰা আৰম্ভ হব আবেদন

Assam High School and Higher Secondary Teacher Recruitment 2019


Assam High School and Higher Secondary Teacher Recruitment 2019

অসমৰ প্ৰাদেশীকৃত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত খালী থকা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই অতিসোনকালে বিজ্ঞাপন প্ৰকাশ কৰিব। মাধ্যামিক শিক্ষা সঞ্চালকালয়ৰ এখন জাননী অনুসৰি এই মাহৰ 17 তাৰিখৰ পৰা বিদ্যালয় পৰ্যায়ত বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সংশ্লিষ্ট জিলা শিক্ষা পৰিদৰ্শক সকলক নিৰ্দেশ প্ৰদান কৰিছে।

এই পদসমূহৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগে লগে আমি আপোনাৰ/আপোনোলোকৰ ওচৰলৈ লৈ আনিম। গতিকে আপোনালোকে আমাৰ ৱেবছাইট www.thejobinassam.in নিয়মিত ভাৱে চাই থাকিব।

WhatsApp যোগেদি এই খবৰ পাবলৈ: 

Details of Posts

1. পদৰ নাম: সহকাৰী শিক্ষক ( হাইস্কুল)

পদৰ সংখ্যা: 3722 টা

Educational Qualification
1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
2. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিএড উত্তীৰ্ণ কৰা হব লাগিব, আৰু
3. হাইস্কুল টেট।

Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 60,500 টকা + GP: 8,700 টকা হিচাপত দৰমহা দিয়া হব।

2. পদৰ নাম: বিষয় শিক্ষক (পিজিটি)

পদৰ সংখ্যা: 345 টা

Educational Qualification
1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব।
2. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিএড উত্তীৰ্ণ কৰা হব লাগিব, আৰু
3. উচ্চতৰ মাধ্যমিক টেট।

Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 22,000 - 87,00 টকা + GP: 11,800 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

How to Apply

সংশ্লিষ্ট বিদ্যালয় সমূহে নাইবা কেন্দ্ৰীয় ভাবে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যলয়ৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিব। তেতিয়া উপৰত উল্লেখ কৰা অৰ্হতাৰ প্ৰাৰ্থীসকলে বিদ্যালয় পৰ্যায়ত আবেদন কৰিব লাগিব।

মাধ্যামিক শিক্ষা সঞ্চালকালয়ে  নিৰ্দেশ কৰা অনুসৰি বিজ্ঞাপন প্ৰকাশ কৰা সময়সূচী এনেধৰনৰ....

1. পদ সমূহ পূৰণ কৰাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ তাৰিখ: 17/08/2019 বা তাৰ আগতে।
2. আবেদন গ্ৰহণ কৰাৰ অন্তিম তাৰিখ: 27/08/2019 বা তাৰ আগতে।
3. সাক্ষাৎকাৰৰ তাৰিখ: 31/08/2019 বা তাৰ আগতে।

এই পদসমূহৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগে লগে আমি আপোনাৰ/আপোনোলোকৰ ওচৰলৈ লৈ আনিম। গতিকে আপোনালোকে আমাৰ ৱেবছাইট www.thejobinassam.in নিয়মিত ভাৱে চাই থাকিব

WhatsApp যোগেদি এই খবৰ পাবলৈ: 

এই বিষয়ৰ চৰকাৰী জাননী পঢ়িবলৈ: ইয়াত ক্লিক কৰক