অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

শিশু বিকাশ আৰু শিক্ষণবিদ্যা: Part 1 Answer

1. শ্ৰেণী কোঠাত এজন শিক্ষকৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুতো হৈছে ব্লেক বোৰ্ড। কিয়নো ব্লেক বোৰ্ডৰ সহায়ত শিক্ষক এজনে শিকাব খোজা বিষয়ে ছাত্র-ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে।
গতিকে শুদ্ধ উত্তৰ হৈছে- (খ) ব্লেক বোৰ্ড

2. এজন ভাল শিক্ষক হবলৈ বহুতো গুণৰ প্ৰয়োজন যদিও নিজৰ শিকাব লগা বিষয়ত বুৎপত্তি থকাটো অধিক প্ৰয়োজন। কিয়নো শিক্ষকজনৰ শিকাব লগা বিষয়ত জ্ঞান থাকিলেহে শিক্ষণ-শিকণ প্ৰক্ৰিয়া ফলপ্ৰসু হব।
গতিকে শুদ্ধ উত্তৰ হব (গ) ।

3. ছাত্র-ছাত্ৰী সকলৰ সমস্যাবোৰৰ বিষয়ে অৱগত হোৱা আৰু সেইবোৰৰ সমাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা এজন শিক্ষকৰ দ্বায়িত্ব।
সেয়েহে উত্তৰটো হব (খ)।

4. শিক্ষক আৰু ছাত্রৰ মাজত communication অৰ্থাৎ যোগাযোগ ব্যৱস্থা তেতিয়াহে সফল হব যেতিয়া শিক্ষক এজনে বুজাই দিয়া সকলো বিষয়ে ছাত্ৰ-ছাত্ৰী সকলে আয়ত্ব কৰিব পাৰে।
গতিকে শুদ্ধ উত্তৰ হব (ঘ)

5. শিক্ষক এজনে শ্ৰেণীত তেওঁ শিকাব খোজা বিষয়টো এনে ভাবে উপস্থাপন কৰিব লাগিব যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হয় আৰু তেতিয়া শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ যোগাযোগ সফল হোৱা বুলি কোৱা হয়।
গতিকে শুদ্ধ উত্তৰ হব (খ) ।