অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Aug 2020

Assam: চাকৰিৰ বাবে আবেদনৰ বয়সৰ সীমা ৩৮বছৰৰ পৰা ৪০বছৰলৈ বৃদ্ধি

চাকৰিৰ বাবে আবেদনৰ বয়সৰ সীমা ৩৮বছৰৰ পৰা ৪০বছৰলৈ বৃদ্ধি

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা মন্ত্ৰী পৰিষদৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়

সিদ্ধান্তসমূহ হৈছে---
  1. তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদনৰ বয়সৰ সীমা ৩৮বছৰৰ পৰা ৪০বছৰলৈ বৃদ্ধি
  2. হিতাধিকাৰী পৰিয়াললৈ প্ৰতিমাহে ৮৩০টকা আৰ্থিক সাহায্য প্ৰদান কৰিব খোজা অৰুণোদয় আচঁনিত অনুমোদন
  3. দৰং জিলাৰ মঙলদৈত প্ৰায় ১০০বিঘা ভূমিত প্ৰায় ৯০০কোটি টকা ব্যয়ৰে অসম দক্ষতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ
  4. কোভিড-১৯ৰ সেৱাত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিক, হোম গাৰ্ড, কেজুৱেল কৰ্মচাৰীসকলক ৫০লাখ টকাৰ বীমাৰ অনুমোদন