অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 May 2020

কি কি খোলা থাকিব, কি কি বন্ধ থাকিব - Assam Lockdown 3.0: Relaxations And Guidelines

Assam Lockdown 3.0: Relaxations And Guidelines
  1. সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যত সান্ধ্য আইন ঘোষণা।
  2. সকলো ব্যক্তিগত চিকিৎসালয় খোলা হ'ব।
  3. সকলো দোকান পোহাৰ, কাৰ্যালয় ৫ বজাত বন্ধ কৰিব লাগিব।
  4. ৰাজ্যৰ বজাৰ, শ্বপিং মল, চিনেমা হ'ল, জিম, থিয়েটাৰ, বিবাহ হল আদি বন্ধ থাকিব ৷
  5. দুচকীয়া বাহনত চালকৰ লগত মহিলা নাইবা ১২ বছৰ তলৰ শিশুহে যাব পাৰিব। চাৰিচকীয়া বাহনত চালকে কেৱল দুজনহে নিব পাৰিব।
  6. সকলো নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৷ কিন্তু ৫০ শতাংশ বনুৱাহে নিয়োগ কৰিব পাৰিব নিৰ্মাণ কাৰ্যত।
  7. সোমবাৰৰ পৰা চৰকাৰী আৰু বেচৰকাৰী অফিচত ৫০% কৰ্মচাৰীৰে খুলিব পাৰিব।
  8. ৫ বছৰৰ তলৰ শিশু থকা মহিলা কৰ্মচাৰী চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানলৈ অহাত বাধা।
  9. চাহ, আইচ ক্ৰীম আদি বিপনি গ্ৰীণ জনত খুলিব কিন্ত তাত ৰৈ খাব নোৱাৰিব।
  10. স্বাস্থ্য সেৱাৰ লগত জড়িত থকা বিপনি বা প্ৰতিষ্ঠান কেৱল গধূলি ৫ বজালৈ খোলা থাকিব।
  11. কিতাপৰ দোকান খোলা থাকিব।
  12. অৰেঞ্জ জনত ঔষধৰ বিপনি, জৰুৰী সেৱা, শাক-পাচলি আৰু গেলামালৰ দোকানহে খোলা থাকিব।
  13. অৰেঞ্জ জনৰ ভিতৰত কোনো গাড়ী যাব নোৱাৰিব আৰু গলে ওলাই আহিব নোৱাৰিব।
  14. গাড়ীৰ শ্বৰূম খুলিব পাৰিব কিন্তু বিভিন্ন সৰঞ্জামৰ দোকানৰ ক্ষেত্ৰত ১ তৃতীয়াংশহে খুলিব পাৰিব।
  15. মাজুলী আৰু উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা চলাচলৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷
  16. যিবোৰ দোকান খুলিব তাত দোকানৰ স্বত্বাধিকাৰীয়ে যোগান ধৰিব লাগিব মাস্ক। মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
  17. ৬৫ বছৰীয়া ব্যক্তি আৰু ১২ বছৰৰ তলৰ শিশু ঘৰৰ পৰা আহিব নোৱাৰিব। যিসকল অসুস্থ ব্যক্তি যাৰ বছৰ ৬৫ তেওঁলোক স্বাস্থ্য পৰীক্ষাৰ বাবে আহিব পাৰিব।
  18. ASTCৰ অনুমতি অবিহনে বাছ চলাব নোৱাৰিব, কিন্তু ৫০%যাত্ৰীহে নিব লাগিব | ৰেড আৰু অ'ৰেঞ্জ জ'নত বাছ নচলে |
  19. ফাৰ্মাচী সমূহ সকলো সময়তে খোলাৰ অনুমতি দিছে |
  20. বঙাইগাও, ধুবুৰী, মৰিগাওঁ, গোৱালপাৰা জিলাত এই শিথিলতা নাথাকে |

সকলো পৰিস্থিতিত মাক্স ব্যবহাৰ কৰাটো বাধ্যতামূলক।

Official Notification: Click Here