অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 Aug 2019

মাদ্ৰাছা টেটৰ বিজ্ঞাপনৰ জাননী, দহ দিনৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন

মাদ্ৰাছা টেটৰ বিজ্ঞাপনৰ জাননী, দহ দিনৰ ভিতৰত প্ৰকাশ পাব  বিজ্ঞাপন


Assam Madrassa TET Recruitment 2019


অসম চৰকাৰৰ অধীনত থকা মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত খালী থকা বিভিন্ন বিষয়ৰ শিক্ষক নিযুক্তিৰ বাবে ৰাষ্ট্ৰীয় মাধ্যামিক শিক্ষা অভিযান চমুকৈ RMSA, অসমে 2014 চনত মাদ্ৰাছা টেট অনুষ্ঠিত কৰিছিল। এই টেট প্ৰিচিনিয়ৰ, এফ এম, এম এম, বিএছচি, বিএ, অসমীয়া আৰু হিন্দী আদি কেইবাটাও শাখাত অনুষ্ঠিত হৈছিল।

মুঠ 1 লাখ 95 হাজাৰ টেট প্ৰত্যাশীৰ মাজত প্ৰায় 18 হাজাৰ প্ৰাৰ্থী এই টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল I
পৰৱৰ্তী সময়ত চৰকাৰে 2015 চনত মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও 2012 চনত নিযুক্তি দিয়া ঠিকাভিত্তিক শিক্ষক সকলে এই টেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল আৰু তেতিয়াৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল।


যোৱা 22 তাৰিখে  এই কেছৰ অন্তিম শুনানী গ্ৰহণ কৰি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়দান যোগেদি প্ৰকাশ কৰে যে শিক্ষক হবলৈ টেট বাধ্যতামূলক আৰু অসম চৰকাৰক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ মাজৰ পৰা মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

ইতিমধ্যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জিলাসমূহৰ বিদ্যালয় পৰিদৰ্শক সকল তেওঁ লোকৰ চাৰ্কোলৰ অধীনত থকা মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত খালী থকা পদসমূহৰ সবিশেষ বিছাৰি 17 আগষ্টত জাননী জাৰি কৰিছে আৰু দহ দিনৰ ভিতৰত খালী থকা পদৰ সংখ্যা নিদিষ্ট ফৰমেটত মাধ্যমিক শিক্ষা সঞ্চালকালয়ত জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।


মাধ্যামিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক গৰাকীয়ে স্বাক্ষৰিত এই প্ৰত্ৰৰ জৰিয়তে এইটো স্পষ্ট হৈ পৰিছে যে মাধ্যামিক শিক্ষা সঞ্চালকালয়ে মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব প্ৰস্তুতি চলাই আছে আৰু অহা দহ পোন্ধৰ দিনৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰিব।

চাকৰিৰ এনে খবৰ আপোনাৰ মোবাইলৰ জৰিয়তে পাবলৈ: ইয়াত ক্লিক কৰক