অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jul 2019

T20 ৱৰ্ল্ড কাপ-2020 ৰ সময়সূচী মুকলি: এইবাৰ দেখা নাপাব ভাৰত-পকিস্তানৰ খেল

ICC World Cup T20 -2020 সময়সূচী ঘোষণা কৰা হৈছে। 

সময়সূচী অনুসৰি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ অনুষ্ঠিত হব। ICC World T20 অহা বছৰৰ 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অষ্ট্ৰেলিয়া অনুষ্ঠিত হ’ব । এইবাৰ T20 বিশ্বকাপত ভাৰত আৰু পাকিস্তানক পৃথক গ্ৰুপত ৰখা হৈছে। গতিকে এই T20 বিশ্বকাপত দৰ্শকে হাই ভল্টেজ খেল উপভোগ কৰাৰ পৰা বঞ্চিত হব।

অহা বছৰ অনুষ্ঠিত হব লগা T20 ৱৰ্ল্ড কাপ অষ্ট্ৰেলিয়াই হোষ্ট কৰিব। 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই খেলত 12 টা দলে অংশগ্ৰহণ কৰিব।

অষ্ট্ৰেলিয়াৰ উপৰিও ইংলেণ্ড, ৱেষ্টইণ্ডিজ, ভাৰত, নিউজীলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা,  আৰু আফগানিস্তানে টুৰ্ণামেণ্টত পোনে পোনে প্ৰৱেশ কৰিছে, ইফালে কম ৰেংকিঙৰ বাবে বাংলাদেশ আৰু শ্ৰীলংকা খেলিব লাগিব Qualifying Match.

টুৰ্ণামেণ্টৰ Final যুঁজ অনুষ্ঠিত হ’ব মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত।

গ্ৰুপ 1 ত ৰখা হৈছে: অষ্ট্ৰেলিয়া, ৱেষ্টইণ্ডিজ,  নিউজীলেণ্ড, পাকিস্তান, A1, B2

গ্ৰুপ 2 ত ৰখা হৈছে: ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আফগানিস্তান, A2, B1

ভাৰতৰ প্ৰথম খেল খন অনুষ্ঠিত হব 24 অক্টোবৰ, 2020 ত পাৰ্থ ক্ৰিকেট স্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।