Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

24 Jul 2019

মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ বাবে সুখবৰ, অচিৰেই আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া

assam-madrassa-tet-recruitment-2019

মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ বাবে সুখবৰ, অচিৰেই আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া

অসম চৰকাৰৰ অধীনত থকা মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত খালী থকা বিভিন্ন বিষয়ৰ শিক্ষক নিযুক্তিৰ বাবে ৰাষ্ট্ৰীয় মাধ্যামিক শিক্ষা অভিযান চমুকৈ RMSA, অসমে 2014 চনত মাদ্ৰাছা টেট অনুষ্ঠিত কৰিছিল। এই টেট প্ৰিচিনিয়ৰ, এফ এম, এম এম, বিএছচি, বিএ, অসমীয়া আৰু হিন্দী আদি কেইবাটাও শাখাত অনুষ্ঠিত হৈছিল।
মুঠ 1 লাখ 95 হাজাৰ টেট প্ৰত্যাশীৰ মাজত প্ৰায় 18 হাজাৰ প্ৰাৰ্থী এই টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল I

পৰৱৰ্তী সময়ত চৰকাৰে 2015 চনত মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও 2012 চনত নিযুক্তি দিয়া ঠিকাভিত্তিক শিক্ষক সকলে এই টেটৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল আৰু তেতিয়াৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল।

যোৱাকালি অৰ্থাৎ 22 তাৰিখে  এই কেছৰ অন্তিম শুনানী গ্ৰহণ কৰি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়দান যোগেদি প্ৰকাশ কৰে যে শিক্ষক হবলৈ টেট বাধ্যতামূলক আৰু অসম চৰকাৰক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ মাজৰ পৰা মাদ্ৰাছা শিক্ষানুষ্ঠান সমূহত নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ জাৰি কৰে।
------------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here
'