অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Jun 2019

17,293 টা শিক্ষকৰ পদ খালি আছে, ছেপ্টেম্বৰত হব টেট: 17,293 Teachers Posts Vacant, Teachers’ Eligibility Test (TET) In September

Assam TET September, 2019

Assam TET September, 2019

অসম প্ৰাথমিক শিক্ষা বিভাগে এই বছৰৰ ছেপ্টেম্বৰ মাহত নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) বিদ্যালয়ত খালী হোৱা প্ৰায় সোতৰ হাজাৰ শিক্ষক নিযুক্তিৰ বাবে সাধাৰণ টেট (General TET) অনুষ্ঠিত কৰিব। উল্লেখ যে অসমত প্ৰায় সাত বছৰৰ মূৰত সাধাৰণ টেট অনুষ্ঠিত হব গৈ আছে। ইতিমধ্যে এই বিষয়ে আলোচনাৰ বাবে যোৱা মাৰ্চ মাহত এখন EC Meeting অনুষ্ঠিত হৈ গৈছে।

EC Meeting ৰ সিদ্ধান্ত সমূহ জানিবলৈ : ইয়াত ক্লিক কৰক

Assam TET 2019: Date

1. নিম্ন প্ৰাথমিক টেট (LP TET): 22/09/2019 (Tentative)

2. উচ্চ প্ৰাথমিক টেট (UP TET): 29/09/2019 (Tentative)

Assam TET 2019: Vacancy

বৰ্তমান অসম চৰকাৰৰ অধীনস্থ নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) বিদ্যালয়ত 17,293 টা পদ খালি আছে। ইয়াৰে...

1. নিম্ন প্ৰাথমিক (LP): 10,137 টা, আৰু

2. উচ্চ প্ৰাথমিক (UP): 7,155 টা

যিসকল প্ৰাৰ্থীয়ে টেট উত্তীৰ্ণ হব তেওঁ লোকে এই পদসমূহত আবেদন কৰিব পাৰিব।

Assam TET 2019: Eligibility Criteria

ডি. এল. এড. আৰু বি. এড. ডিগ্ৰী উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক আছে স্নাতক পৰ্যায়ত প্ৰয়োজনীয় নম্বৰ থকা প্ৰাৰ্থী সকলে এই টেটত অৱতীৰ্ণ হব পাৰিব।

টেটৰ প্ৰয়োজনীয় অৰ্হতা সমূহ জানিবলৈ: ইয়াত ক্লিক কৰক

Assam TET 2019: Application Fees

1. নিম্ন প্ৰাথমিক (LP)/ উচ্চ প্ৰাথমিক (UP) ৰ বাবে: 700 টকা

2. নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) দুয়োটাৰ বাবে: 1200 টকা

Assam TET 2019: Apply Date

টেটৰ বাবে আবেদন প্ৰক্ৰিয়া অনলাইন হব।
এতিয়াও আবেদনৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা নাই যদিও এই মাহৰ শেষৰ ফালে নাইবা অহা মাহৰ প্ৰথম ভাগত আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

টেট পৰীক্ষাৰ যিকোনো আপডেটৰ বাবে আমাৰ ৱেবচাইট চাই থাকিব।

টেট প্ৰস্তুতিৰ ভিডিঅ চাবলৈ: ইয়াত ক্লিক কৰক