অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Apr 2019

ভাৰতীয় ষ্টেট বেংকত 8904 টা নিম্নবৰ্গৰ সহায়ক পদ খালী: SBI Recruitment 2019- 8904 Posts of Junior Associate; Apply Online

SBI Recruitment 2019

SBI Recruitment 2019- 8904 Posts of Junior Associate


ভাৰতীয়
ষ্টেট বেংকৰ অধীনত  খালী হোৱা ক্লাৰিকেল কেডাৰ  ( Clerical Cadre) গোটৰ 8904 টা নিম্নবৰ্গৰ সহায়ক (Junior Associate)- Customer Support and Sales পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে

পদসমূহ বিৱৰণ(Details of Posts):
পদৰ নাম: নিম্নবৰ্গৰ সহায়ক (Junior Associate)- Customer Support and Sales
পদৰ সংখ্যা: 8904 টা
অসমৰ বাবে থকা পদৰ সংখ্যা 300 টা ইয়াৰে 132 টা সাধাৰণ শ্ৰেণী (General) পাৰ্থীৰ বাবে, 30 টা আৰ্থিক ভাৱে পিছপৰা (EWS) পাৰ্থীৰ বাবে,   21 টা SC পাৰ্থীৰ বাবে, 36 টা ST পাৰ্থীৰ বাবে আৰু 82 টা OBC পাৰ্থীৰ বাবে সংৰক্ষিত

পদসমূহত আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা (Essential Qualification):

1. শিক্ষাগত অৰ্হতা (Education Qualification):
যিকোনো বিষয়ত গ্ৰেজুৱেত ডিগ্ৰী বা তাৰ সমপৰ্যায়ৰ ডিগ্ৰী
যিসকল পাৰ্থীয়ে Integrated Dual Degree (IDD) কৰিছে তেওঁলোকে 31/08/2019 আগতে পাছ কৰিব লাগিব
Last Year বা Final Semester পৰীক্ষা দিয়া পাৰ্থীসকলেও আবেদন কৰিব পাৰিব, কিন্তু তেওঁলোকে 31/08/2019 আগতে পাছ কৰিব লাগিব

2. বয়সৰ সীমা (Age Limit):
সৰ্বনিম্ন 21 বছৰ আৰু সৰ্বোচ্চ 28 বছৰ 01/04/2019 তাৰিখত OBC  বাবে 3 বছৰ, SC/ST বাবে 5 বছৰ আৰু PWD বাবে 10 বছৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

দৰমহা (Salary):
Pay Scale: 11765-655/3-13730-815/3-16175-980/4-20095-1145/7-281102120/1-  30230-1310/1-31450.
আৰম্ভনিতে Basic Pay হব  13075.00 টকা, লগতে অন্যান্য বানচ সমূহ

আৱেদন মাচুল(Application Fees):
1. General/OBC/EWS শ্ৰেণীৰ পাৰ্থীয়ে 750 টকা আৰু
2. SC/ST/PWD/XS শ্ৰেণীৰ পাৰ্থীয়ে 125 টকা আৱেদন মাচুল দিব লাগিব
বিঃদ্ৰঃ এই মাচুল ঘুৰাই দিয়া নহব

কেনেকৈ আৱেদন কৰিব (How to Apply):
যিসকল পাৰ্থীয়ে SBI RECRUITMENT 2019- Junior Associate বাবে প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰিছে তেওঁলোকে অনলাইন যোগে আৱেদন কৰিব লাগিব
অনলাইন এপ্লাই লিংক তলত দিয়া আছে তাত গৈ প্ৰথমতে Register কৰিব লাগিব তাৰ পাছত পুনৰ Login কৰি নিজৰ সম্পূৰ্ণ তথ্য ভৰাই অনলাইনত Payment কৰিব লাগিব

বিঃদ্ৰঃ পাৰ্থী সকলে কেৱল এখন ৰাজ্যতহে আবেদন কৰিব পাৰিব তাৰোপৰি সেই ৰাজ্য খনৰ স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব অসমৰ পাৰ্থী সকল এ অসমীয়া/বড়ো/বেংগলী ভাষা জানিব লাগিব

বাছনি প্ৰক্ৰিয়া(Selection Process):
পদসমূহৰ বাছনি প্ৰক্ৰিয়া দুটা পৰ্যায়ত হব-
1. Preliminary Examination: 100 Marks
2. Main Examination: 200 Marks.
ইয়াৰে Preliminary Examination অহা জুন মাহত ( এতিয়াও তাৰিখ নিৰ্ধাৰণ হোৱা নাই) অনুষ্ঠিত হব আৰু Mains Examination আগষ্টৰ 10 তাৰিখত অনুষ্ঠিত হব
অসমৰ বাবে নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰ সমূহ হল: গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু শিলচৰ

Important তাৰিখ:
1. অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে: 12 এপ্ৰিল, 2019
2. অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হব: 03 মে, 2019

Important ৱেব লিংক:
1. অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
2. সম্পূৰ্ণ বিজ্ঞাপন চাওক: ইয়াত ক্লিক কৰক

লগতে পঢ়ক: SBI ত 2000 টা Probationary Officer পদ খালী